top of page
Search

জুবিন গাৰ্গৰ গীতত জাতীয় চেতনা

  • Writer: Prarthana Hazarika
    Prarthana Hazarika
  • Nov 17
  • 3 min read

ree

বিংশ শতিকাৰ নব্বৈৰ দশকত অসমৰ সংগীত ক্ষেত্ৰখনত এক নতুন যুগৰ সূচনা কৰা জুবিন গাৰ্গ অসমীয়াৰ জনমানসত ধ্ৰুৱতৰা ৰূপে জিলিকি ৰৈছে। জুবিন গাৰ্গৰ গীতৰাজি মূলতঃ প্ৰেম-ভালপোৱা, বিৰহ-বেদনাকেন্দ্ৰিক যদিও জাতীয় চেতনাৰ গভীৰ প্ৰকাশ বিশেষভাৱে প্ৰত্যক্ষ কৰিব পাৰি। বহুসংখ্যক গীতৰ মাজত তেওঁৰ সমাজ তথা জাতীয় জীৱনৰ প্ৰতি থকা সচেতনতা আৰু দায়বদ্ধতাৰ উমান পোৱা যায়। এগৰাকী প্ৰকৃত শিল্পী তথা শিল্পকলাৰ মহত্ত্ব আৰু স্থায়ীত্ব ইয়াতেই নিহিত হৈ থাকে। নব্বৈ দশকৰ যি সময়ছোৱাত জুবিন গাৰ্গে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল সেই সময়ছোৱা আছিল অসমৰ ইতিহাসৰ এছোৱা ক’লা অধ্যায়। সামাজিক-ৰাজনৈতিক অৰাজকতা, সন্ত্ৰাসবাদীৰ সমস্যা, সেনাবাহিনীৰ বৰ্বৰতা, অসমীয়া ডেকাৰ অকাল মৃত্যু, নাৰী নিৰ্যাতন ইত্যাদি বিক্ষিপ্ত ঘটনাই অসমৰ মাটি-ভেঁটি কপাই তুলিছিল। অশান্তজৰ্জৰ অসমৰ তেনে প্ৰেক্ষাপটত দেশ আৰু জাতিৰ মানুহৰ প্ৰতি সদা সচেতন জুবিন গাৰ্গৰ কলমেৰে নিগৰিছিল–


“সোণেৰে সজোৱা পঁজা জহি খহি যায়/ কোনে আহি সাজিবহি পাৰিব দুনাই…/ মানৱৰ মাজতে আজি/ দানৱৰ হুংকাৰ/ পঢ়া শুনা সংস্কৃতি/ সকলো অসাৰ/ এয়া জানো সপোন আছিল/ কুৰি শতিকাৰ/ সকলোতে মাথো প্ৰশ্ন/ অনিয়ম অনাচাৰ– মুম্বাইৰ পৰা অসমলৈ আহি দেখা মাতৃভূমিৰ এনে বিভীষিকাই জুবিন গাৰ্গৰ মন অশান্ত কৰি তুলিছিল, নিজৰ কেইবাজনো বন্ধু হেৰুৱাইছিল, মানৱৰূপী দানৱৰ আক্ৰোশে সাধাৰণ জনতাৰ জীৱন তচনচ কৰি পেলাইছিল। গানটোৰ সৃষ্টিৰ পটভূমিও ইয়াতেই। লক্ষণীয় যে এই গীতটোৱেই জুবিন গাৰ্গক গীতিকাৰ হিচাপে অসমীয়া চহা আৰু গ্ৰাম্য সমাজলৈ প্ৰৱেশৰ পথ মোকলাইছিল।

সন্ত্ৰাসবাদে সৃষ্টি কৰা ধুমুহাজৰ্জৰ পৰিস্থিতিৰ বিৰুদ্ধে তেওঁৰ মনত সৃষ্টি হৈছিল ক্ষোভৰ। ক্ষোভিত শিল্পীসত্তাৰ উদ্গীৰণ হৈছিল গীতৰ মাধ্যমেৰে–

“শান্তি দিয়া মুক্তি দিয়া/ সোণৰ অসম ৰচিবলৈ/ সেউজ দিয়া শস্য দিয়া/ চিৰকাল ফুলিবলৈ”।

এয়া আছিল যেন অশান্ত অসমত বন্দীত্বৰ জীৱন কটাবলৈ বাধ্য হোৱা, শান্তি আৰু মুক্তি বিচাৰি হাবাথুৰি খোৱা সহস্ৰজন অসমীয়াৰ কণ্ঠস্বৰ।

জুবিন গাৰ্গে গীতৰ মাজেৰে অৰাজক, অনৈতিক সমাজ ব্যৱস্থাৰ বাস্তৱতাক খুব অৰ্থবহভাৱে তুলি ধৰিবলৈ সক্ষম হৈছে–


“মৃত্যু এতিয়া সহজ/ মৃত্যু এতিয়া উচব/ অন্ধ শাসন/ ভণ্ড শাসক/ অৰ্থ লোভৰ/ নগ্ন যুঁজত” – আলফা, সেনাবাহিনী, গুপ্তহত্যা ইত্যাদি কাৰকে সৃষ্টি কৰা মৃত্যুৰ বিভীষিকাই থানবান কৰা অসমীয়া জনতাৰ ওপৰত শাসক আৰু শাসন ব্যৱস্থাৰ দুৰ্নীতি আৰু ভণ্ডামীয়েও মাধমাৰ সোধাইছিল। সেয়েহে মুক্তি পিয়াসী জনগণৰ সন্মুখত ভৱিষ্যত সম্বন্ধে হাজাৰ প্ৰশ্নই দোলা দি উঠিছিল। এই গীতৰ জৰিয়তেই জুবিন গাৰ্গে মনত সৃষ্টি হোৱা ক্ষোভ আৰু হতাশাৰ বহিঃপ্ৰকাশ ঘটাইছিল।

জুবিন গাৰ্গৰ অন্যতম উল্লেখযোগ্য এলবাম ‘যন্ত্ৰ’ৰ কেইবাটাও গানে সমাজ তথা জাতীয় চেতনাক প্ৰতিফলিত কৰে। আধুনিকতাৰ কৰাল গ্ৰাসত শিশুৰ পৰা বৃদ্ধলৈ যন্ত্ৰলৈ পৰিণত হোৱা মানুহে যেন উভালি পেলাইছে নিজৰ শিপা, জলাঞ্জলি দিছে পৰম্পৰা। লোভ-লালসাত মত্ত হোৱা মানুহে কেৱল পোৱাৰ আশাত পাহৰি গৈছে দুদিনীয়া মানৱ জীৱনৰ মহত্ত্ব। গীতিকাৰে মায়া-মোহত আৱদ্ধ সেই মানুহখিনিক সজাগ কৰিবলৈ চেষ্টা কৰিছে– “এই মায়াৰ ধৰাত/ দুদিন মাথো থাকিবা তুমি/ জীৱন গ’লেই গ’ল/ নিব’লে একোকে নেপাবা তুমি”। সেইদৰে ‘মুখা’ শীৰ্ষক গীতৰ মাধ্যমেৰে সামাজিক ভণ্ডামিৰ উন্মোচন কৰিছে– “মুখাৰে আঁৰতে কত খেলা/ মুখাৰে আঁৰতে কত লীলা/ মুখাৰে আঁৰতে কত মিছা/ মুখাৰে আঁৰতে জিয়াবা কিমান”। এনে গীতবোৰ জুবিন গাৰ্গৰ সমাজ তথা জাতিটোৰ প্ৰতি থকা দায়বদ্ধতাৰ উৎকৃষ্ট নিদৰ্শন, যি তথাকথিত অন্যায়, অনীতি, শোষণ, নিপীড়ন, ভণ্ডামিৰ স্বৰূপ উদঙাই জনতাৰ মনত সচেতনতাৰ সৃষ্টি কৰিব পাৰিছে। ‘পলিটিক্স নকৰিবা বন্ধু’ গীতৰ দ্বাৰাও তথাকথিত সাম্প্ৰতিক ৰাজনীতিৰ ভণ্ডামি স্পষ্ট ভাষাৰে উদঙাই দি সৰ্বসাধাৰনক জাগ্ৰত কৰিছে। সমাজৰ দুৰ্বল শ্ৰেণীটোৰ প্ৰতি সততে দয়াশীল জুবিন গাৰ্গৰ ‘মা’ এলবামৰ ‘নিচুকণি’ গীতটোত শিশু শ্ৰমিকৰ পীড়া তথা অসহায়তাক প্ৰকাশ কৰিছে।

অসমীয়া লোকজীৱনৰ বিবিধ চিত্ৰ আৰু চৰিত্ৰৰ প্ৰতিফলন জুবিন গাৰ্গৰ বহু গীততে আছে। বিশেষকৈ পাশ্চাত্য সংগীত ধাৰাৰ সৈতে তেওঁ জড়িত আছিল যদিও গীতৰ মাজত লোকসমাজৰ নিখুঁত ছবি একো-একোখন আঁকিব পাৰিছিল– “অ’ মোৰে ল’ৰাৰ মাক/ মাছলৈ যাওঁ নাখাওঁ নাখাওঁ শুদা ভাত”, “নাৱৰীয়া বেলি পৰোঁ পৰোঁ হ’ল”, “নাওঁ লৈ আনিমগৈ/ বোকাৰে পদুম ঐ”, “কাষত কলচি ৰাধে ঐ ৰাধে ঐ/ নদীৰে ঘাটলৈ আহ” আদিৰ দৰে কালজয়ী গীতবোৰ ইয়াৰ অপূৰ্ব নিদৰ্শন। বৰগীত, লোকগীত, জ্যোতি-বিষ্ণু সংগীত, জনজাতীয় সংগীত আদি সকলো ধাৰা আৰু শৈলীৰ প্ৰয়োগেৰে আধুনিক অসমীয়া সংগীতক এক নতুন অৱয়ব প্ৰদান কৰাত জুবিন গাৰ্গৰ ভূমিকা আছিল অনবদ্য।

বান সমস্যা অসমৰ এক জ্বলন্ত সমস্যা। প্ৰতিবছৰে বানৰ প্লাৱনে কৃষিজীৱি অসমীয়া জনগণৰ জীৱনযাত্ৰালৈ কঢ়িয়াই অনা বেদনা আৰু যন্ত্ৰণাৰ জীয়া ছবিখন জুবিন গাৰ্গৰ গীতত কৰুণ সুৰেৰে ধ্বনিত হৈ উঠিছে– “কেওফালে গুজৰি গুমৰি আহিলে বান/ উটুৱাই নিলেহি গাওঁখন/ সুখৰে ঘৰখন/ পলকতে উটি গ’ল গোহালিৰে গৰুহাল/ পলকত নিয়তিয়ে মোক কৰিলে কঙাল”।

সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা আছিল জুবিন গাৰ্গৰ আদৰ্শ। তেওঁ নিজৰ জীৱন কালত প্ৰায়েই কলাগুৰু ৰাভাদেৱৰ শিল্পসত্তা তথা অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ প্ৰসঙ্গ উল্লেখ কৰিছিল। ‘ৰুমাল’ এলবামৰ এটা গীতৰ জৰিয়তে জুবিন গাৰ্গে বিপ্লৱী শিল্পীজনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰিছে– “তুমি সুবাস অসমীৰে/ তুমি সুবাস সৃষ্টিৰে/… সুন্দৰৰ পোহৰেৰে আজি আমাক জগোৱা/… তোমাৰ পথেই পথ আমাৰ চিৰ যুগমীয়া/ তুমি গুৰু কলাগুৰু”। ৰাভাদেৱৰ শিল্প আৰু অৱদানৰ প্ৰকৃত অৰ্থত মৰ্যাদা আৰু মহত্ত্ব প্ৰতিষ্ঠা কৰিছে এই গীতটোৱে।

সমসাময়িক অস্থিৰ পৰিস্থিতিৰ প্ৰতিবন্ধকতা নেওচি অসমীয়া জাতি তথা সমাজ জীৱনৰ ইতিবাচক ভৱিষ্যতৰ সপোন আৰু আশা জুবিন গাৰ্গৰ গীতৰ অন্যতম দিশ– “জগত পোহৰ কৰি আহিব প্লাৱন/ আঁতৰিব অমানিশা বধিব ৰাৱণ/ নিকা হ’ব সমাজ/ শেষ হ’ব এই পাপ/ ফুলি ৰ’ব প্ৰেম শতদল”। তেওঁৰ আশা– কাল অমানিশা গুচি আকৌ নতুন প্ৰভাত হ’ব, পাপ-অন্যায় আঁতৰি সমাজ ব্যৱস্থা নিকা হ’ব, ধৰাৰ চৌদিশ প্ৰেমময় হৈ পৰিব। সেইদৰে অন্য এটি গীতত দেখা যায় নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে জুবিন গাৰ্গৰ নতুন বিপ্লৱ সূচনা কৰাৰ মনোভঙ্গী। নৱপ্ৰজন্মৰ দ্বাৰা অতীতৰ জুই জ্বলা ইতিহাসক সলাই সত্য আৰু সংস্কৃতিৰ শক্তিৰে এখন নতুন সমাজ গঢ়াৰ আহ্বান– “পোহৰৰে চাকি গছি আমি/ জ্বলামেই এদিন জ্বলাম/ সুৰে সুৰে গীত ৰচি আমি/ গানেৰেই জীৱন জুৰাম”।

জুবিন গাৰ্গৰ এই ধাৰাৰ গীতসমূহে যেন অসমৰ নৱপ্ৰজন্মক জাতীয় জীৱনৰ সৈতে নতুনকৈ পৰিচয় কৰাই দিয়াৰ লগতে জাতীয় চেতনাৰে উদ্বুদ্ধ কৰি তুলিবলৈ সক্ষম হৈছে।

 
 
 

Comments


  • Facebook
  • Twitter
  • Instagram

Zubeen Garg Literary Club

+91 60013-96177

© 2025 by Zubeen Garg Literary Club

Powered and secured by Wix

Contact

Ask me anything

Thanks for submitting!

bottom of page